Bharat Matri Sewat Samarpita Bhagini Nibedita (ভাৰত মাতৃৰ সেৱাত সমৰ্পিতা ভগিনী নিবেদিতা)
ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ বুৰঞ্জীত এগৰাকী বিদেশিনীর নামে এক মৰ্য্যাদাপূর্ণ স্থান অধিকাৰ কৰি আছে। এখন পৰাধীন দেশৰ জনসাধাৰণে দেশক বিদেশী শাসকৰ পৰা মুক্ত কৰিবলৈ আন্দোলন কৰাটো স্বাভাবিক। স্বামী বিবেকানন্দৰ আদৰ্শৰে অনুপ্রাণিত হৈ আয়াৰলেণ্ডত জন্ম গ্ৰহণ কৰা ভগিনী নিবেদিতাই এগৰাকী ভাৰতীয়ৰ দৰে অনুভৱ কৰিছিল যে পৰাধীন ভাৰতীয় লোকসকলে তেওঁলোকৰ বিদ্যা-বুদ্ধি, ধর্ম-সংস্কৃতি, আত্মবিশ্বাস আদি যেন হেৰুৱাই পেলাইছে। এই হেৰুওৱা আত্মবিশ্বাস ভাৰতবাসীৰ মাজত পুনৰ প্ৰতিষ্ঠা কৰিবলৈ ভগিনী নিবেদিতাই নিজৰ জীৱনকে। তুচ্ছ কৰি ভাৰতভূমিৰ সেৱাত নিজকে উৎসর্গা কৰিছিল। এই সেবা কার্য্যত আনকি তেওঁ কেতিয়াবা গভীৰ সংকটৰো সম্মুখীন হ'বলগীয়া হৈছিল। ১৮৯৯ চনত কলিকতাত দেখা দিয়া প্লেগ মহামাৰী আৰু ১৯০৬ চনত বংগদেশত হোৱা দুর্ভিক্ষৰ সময়ত তেওঁ আগবঢ়োৱা সেৱা আৰু ত্যাগ ইয়াৰ উৎকৃষ্ট নিদর্শন। ইয়াৰোপৰি ভগিনী নিবেদিতাৰ প্রাচ্যৰ জ্ঞান সংগ্ৰহৰ বাবে আছিল অনিবাৰণীয় তৃষ্ণা। ভাৰতৰ এজন মহান বিজ্ঞানী শ্রীজগদীশ চন্দ্ৰ বসুৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱাৰ বাবেও তেওঁ চিৰস্মৰণীয় হৈ ৰ'ব। নিবেদিতাই শ্রীবসুক অনুপ্ৰেৰণা যোগোৱাৰ লগতে তেওঁৰ গৱেষণাৰ কামৰ বাবে আর্থিক সাহায্যও সংগ্ৰহ কৰিছিল। এগৰাকী অখ্যাত দেশপ্রেমী ভগিনী নিবেদিতাৰ চমু জীৱন আছিল ত্যাগ মহানতাৰ প্ৰতীক। তেওঁৰ জীৱনাদর্শ আমাৰ দেশৰ সহস্ৰজনৰ সমাজসেৱাৰ প্ৰতি প্ৰেৰণাৰ উৎস।
ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ বুৰঞ্জীত এগৰাকী বিদেশিনীর নামে এক মৰ্য্যাদাপূর্ণ স্থান অধিকাৰ কৰি আছে। এখন পৰাধীন দেশৰ জনসাধাৰণে দেশক বিদেশী শাসকৰ পৰা মুক্ত কৰিবলৈ আন্দোলন কৰাটো স্বাভাবিক। স্বামী বিবেকানন্দৰ আৰ্দশৰে অনুপ্রাণিত হৈ আয়াৰলেণ্ডত জন্ম গ্রহণ কৰা ভগিনী নিবেদিতাই এগৰাকী ভাৰতীয়ৰ দৰে অনুভৱ কৰিছিল যে পৰাধীন ভাৰতীয় লোকসকলে তেওঁলোকৰ বিদ্যা-বুদ্ধি, ধর্ম-সংস্কৃতি, আত্মবিশ্বাস আদি যেন হেৰুৱাই পেলাইছে। এই হেৰুওৱা আত্মবিশ্বাস ভাবতবাসীৰ মাজত পুনৰ প্রতিষ্ঠা কৰিবলৈ ভগিনী নিবেদিতাই নিজৰ জীৱনকো তুচ্ছ কৰি ভাৰতভূমিৰ সেবাত নিজকে উৎসর্গা কৰিছিল। এই সেবা কার্যত আনকি তেওঁ কেতিয়াবা গভীৰ সংকটৰো সম্মুখীন হ'বলগীয়া হৈছিল। ১৮৯৯ চনত কলিকতাত দেখা দিয়া প্লেগ মহামাৰী আৰু ১৯০৬ চনত বংগদেশত হোৱা দুর্ভিক্ষৰ সময়ত তেওঁ আগবঢ়োৱা সেৱা আৰু ত্যাগ ইয়াৰ উৎকৃষ্ট নিদর্শন। ইয়াৰোপৰি ভগিনী নিবেদিতাৰ প্ৰাচ্যৰ জ্ঞান সংগ্ৰহৰ বাবে আছিল অনিবাৰণীয় তৃষ্ণা। ভাৰতৰ এজন মহান বিজ্ঞানী শ্রীজগদীশ চন্দ্র বসুৰ প্রতি সহায়ৰ হাত আগবঢ়োৱাৰ বাবেও তেওঁ চিৰস্মৰণীয় হৈ ৰ'ব। নিবেদিতাই শ্রীবসুক অনুপ্ৰেৰণা যোগোৱাৰ লগতে তেওঁৰ গৱেষণাৰ কামৰ বাবে আর্থিক সাহায্যও সংগ্রহ কৰিছিল।
এগৰাকী অখ্যাত দেশপ্রেমী ভগিনী নিবেদিতাৰ চমু জীবন আছিল ত্যাগ মহানতাৰ প্রতীক। তেওঁৰ জীৱনাদর্শ আমাৰ দেশৰ সহস্ৰজনৰ সমাজসেৱাৰ প্রতি প্ৰেৰণাৰ উৎস। ভগিনী নিবেদিতাৰ ১৫০ তম্ জন্মবার্ষিকীত তেওঁৰ প্রতি সম্মান প্রদর্শন কৰি বিবেকানন্দ কেন্দ্র অসমীয়া প্রকাশন বিভাগে কেন্দ্র উপসভাপতি কুমাৰী নিবেদিতা ৰঘুনাথ ভিড়েৰ দ্বাৰা ইংৰাজী ভাষাত ৰচিত কিতাপখন অসমীয়া অনুবাদ কৰি ভগিনী নিবেদিতাই ভাৰতৰ প্রতি আগবঢ়োৱা সেৱা আৰু তেওঁৰ বহুমুখী প্রতিভাৰ চমু আভাস দিবলৈ পাই নিজকে আমি ধন্য মানিছে। লগতে কিতাপখন অনুবাদ কৰি আমাক সহায় কৰাৰ বাবে প্রশান্ত মাধৱ বৰুৱাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পঢ়ুরৈ সমাজে অনিচ্ছাকৃত ভুল-ভ্রান্তি খিনি আঙুলিয়াই কিতাপখন আদৰি ল'ব বুলি আশা কৰিলোঁ।
Publication Year | 2019 |
---|---|
VRM Code | 3449 |
Edition | First |
Pages | 140 |
Format | Soft Cover |
Author | Nivedita Raghunath Bhide |