Aamerikat Swami Vivekananda
আমি সকলোৱে জানোঁ যে স্বামী বিবেকানন্দই হিন্দু ধর্মক প্রতিনিধিত্ব কৰিছিল আৰু বেদান্তৰ যি সাৰমৰ্ম্ম, সেয়া পশ্চিমৰ দেশত প্ৰচাৰ কৰিছিল।
১৮৯৩ চনৰ চেপ্তেম্বৰ মাহত চিকাগো চহৰত হোৱা 'বিশ্ব ধর্ম সংসদ'-ত বেদান্তৰ সাৰমৰ্ম্ম প্রতিফলিত হৈছিল আৰু শেহান্তৰত দেখা গৈছিল যে যিখন দেশত সেই অনুষ্ঠান অনুষ্ঠিত হৈছিল, দৈৱক্ৰমে সেই দেশ আমেৰিকতকৈ ভাৰতৰ বাবেহে যুগাৰম্ভ হৈছিল।
স্বামীজীয়ে আমেৰিকাত থকা সময়খিনিৰ মূল বক্তব্যসমূহক এই কিতাপখনত সন্নিবিষ্ট কৰা হৈছে, যাতে পঢ়ুৱৈ সমাজে স্বামীজীৰ সেই অদম্য সাহস, তেজস্বীতাপূর্ণ চিন্তা, সত্যত দৃঢ়তা সেই সকলোখিনি শেহান্তৰত সমগ্র ক্ষেত্রতে প্রস্ফুটিত হৈ প্রকাশ পাইছিল আৰু তেখেতে ধৰ্মান্তৰকৰণৰ বিষয়বস্তুৰ ওপৰত যথাসাধ্যে দিয়া উত্তৰবোৰ- নৃগোষ্ঠীয় চিন্তাধাৰা তথা আৱেগিকভাৱে নহৈ, বৈদান্তিক চিন্তাধাৰাৰে মত প্রকাশ কৰিছিল।
মূল লেখিকা: নিবেদিতা ৰঘুনাথ ভিড়ে
অনুবাদ:
ড° ভাৰতী দত্ত, অৱসৰপ্ৰাপ্ত অধ্যাপিকা, কানে মহাবিদ্যালয়, ডিব্ৰুগড়
আৰু
শ্রীমতী অঞ্জলি শৰ্ম্মা, অৱসৰপ্ৰাপ্ত শিক্ষয়ত্রী, বিৱেকানন্দ কেন্দ্র বিদ্যালয়, ডিব্রুগড়
আমি সকলোৱে জানোঁ যে স্বামী বিবেকানন্দই হিন্দু ধর্মক প্রতিনিধিত্ব কৰিছিল আৰু বেদান্তৰ যি সাৰমৰ্ম্ম, সেয়া পশ্চিমৰ দেশত প্ৰচাৰ কৰিছিল। ১৮৯৩ চনৰ চেপ্তেম্বৰ মাহত চিকাগো চহৰত হোৱা 'বিশ্ব ধর্ম সংসদ'-ত বেদান্তৰ সাৰমৰ্ম্ম প্রতিফলিত হৈছিল আৰু শেহান্তৰত দেখা গৈছিল যে যিখন দেশত সেই অনুষ্ঠান অনুষ্ঠিত হৈছিল, দৈৱক্রমে সেই দেশ আমেৰিকাতকৈ ভাৰতৰ বাবেহে যুগাৰম্ভ হৈছিল।
স্বামীজীয়ে পচিমীয়া দেশত যি সিদ্ধিলাভ কৰিছিল, ইয়াৰ সমকালীন বিশ্বৰ কোনো দেশৰ ধর্মীয় ইতিহাসত তেনে পোৱা নাযায়। সি যি কি নহওক, 'ধর্ম সংসদ' হোৱাৰ আগতে অথবা তাৰ পাছতো তেখেতে যি সন্মান প্রাপ্ত কৰিলে, তাৰ বাবে তেখেতে যথেষ্ট কষ্ট, পোৱা-নোপোৱাৰ বেদনা, শাৰীৰিক আৰু মানসিক অন্তর্দ্বন্দ্ব, তদুপৰি স্বামীজীৰ ব্যক্তিত্বত যি সহনশীলতা, মনৰ দৃঢ়তা আৰু শেষলৈকে যুঁজ দিয়াৰ যি সক্ষমতা, যেনেকোৱাই বাধা-বিঘিনি নহওক, সেই সকলোবোৰ তেখেতে যথাসাধ্যে পাৰ কৰিছিল। সেই সময়ৰ কাৰ্য্যক্রমণিকাৰ যদি হিচাপ-নিকাচ কৰা যায়, তেনেহ'লে এইটো ক'ব লাগিব যে তেখেতৰ সেই কন্টকময় সংগ্রামে আমাক সদায়েই অনুপ্রাণিত কৰি ৰাখিব।
স্বামীজীয়ে আমেৰিকাত থকা সময়খিনিৰ মূল বক্তব্যসমূহক এই কিতাপখনত সন্নিবিষ্ট কৰা হৈছে, যাতে পঢ়ুৱৈ সমাজে স্বামীজীৰ সেই অদম্য সাহস, তেজস্বীতাপূর্ণ চিন্তা, সত্যত দৃঢ়তা সেই সকলোখিনি শেহান্তৰত সমগ্র ক্ষেত্রতে প্রস্ফুটিত হৈ প্রকাশ পাইছিল আৰু তেখেতে ধৰ্মান্তৰকৰণৰ বিষয়বস্তুৰ ওপৰত যথাসাধ্যে দিয়া উত্তৰবোৰ নৃগোষ্ঠীয় চিন্তাধাৰা তথা আবেগিকভাবে নহৈ, বৈদান্তিক চিন্তাধাৰাৰে মত প্ৰকাশ কৰিছিল।
বিবেকানন্দ কেন্দ্ৰৰ 'যুৱ ভাৰতী' নামৰ এখন মাহেকীয়া আলোচনীত 'আমেৰিকাত স্বামীজী' নামৰ গ্ৰন্থখনৰ বিভিন্ন লেখা প্রকাশ পায়। এনে
লেখাবোৰত স্বামীজীৰ চিন্তাধাৰাসমূহ কেন্দ্ৰৰ কাৰ্য্যকৰ্তাসকলক দায়বদ্ধভাবে পালন কৰিবলৈ দিহা দিয়া হয়। তদুপৰি কাৰ্য্যকৰ্তাসকলৰ জীৱনধাৰা যেনেকুৱাই নহওক, তথাপি সদস্যসকলক সেই চিন্তাবোৰৰ বিশ্লেষণাত্মক দৃষ্টিৰে সাধনা কৰিবলৈ, সংগঠনৰ কাম কৰোঁতে যিকোনো ধৰণৰ অপবাদ শুনিবলৈ প্রস্তুত থাকিবলৈ, সামাজিক সকলো ধৰণৰ কাম কৰাৰ প্ৰতি আগ্রহ যোগোৱা ইত্যাদি দায়বদ্ধতাৰে কাম কৰিবলৈ কোৱা হয়। ইয়াৰ বাবে সেয়েহে কেন্দ্রই এক কিতাপৰ আৰ্হিৰে এনে ধৰণৰ চিন্তাবোৰ প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছে। এই কিতাপৰ লেখনিবোৰত সনির্বন্ধ অনুৰোধ জনোৱা হৈছে যাতে ইয়াত সন্নিবিষ্ট বিচাৰধাৰাবোৰ আৰু মুখ্য সাৰাংসই একে আষাৰে হিন্দুধর্মক বিশ্বত প্রতিষ্ঠিত কৰিব পাৰে।
আশা কৰোঁ এই কিতাপখনে সকলো জনগণকে বিভিন্ন ক্ষেত্রত কাম কৰি থকা সম-চিন্তাধাৰাৰ কাৰ্য্যক আৰু দেশৰ ভিতৰে-বাহিৰে কাৰ্য্যৰত থকা অগণন কার্য্যকর্তাক উৎসাহিত কৰিব।
Publication Year | 2024 |
---|---|
Edition | First |
Pages | 136 |
Format | Soft Cover |
Author | Nivedita Bhide |