Swami Vivekanandar Jivanar Keitiman Ghatana (Assomiya) স্বামী বিবেকানন্দৰ জীৱন ৰ কেইটিমান ঘটনা।

₹25.00
In stock
SKU
BGF00049

এই পুথিখনে আমাৰ ল'ৰা-ছোৱালীক অর্থপূর্ণভাৱে জীৱন-যাপন কৰিবলৈ আৰু প্ৰত্যেক মানুহৰ মাজত থকা ভগৱানক প্ৰেম আৰু সেৱা দান কৰি আনন্দ আৰু পূৰ্ণতা লাভ কৰিবলৈ প্ৰেৰণা দিয়ক।

কন্যাকুমাৰীৰ বিবেকানন্দ কেন্দ্ৰই যুগুত কৰি উলিওৱা স্বামী বিবেকানন্দৰ জীৱনৰ কেইটিমান ঘটনা নামৰ এই পুথিখনে আমাৰ কণ কণ ল'ৰা-ছোৱালীৰ শিক্ষাৰ কাৰণে এক বিশেষ প্রয়োজন পূৰণ কৰিব পাৰিব বুলি আশা কৰা হৈছে। মাধ্যমিক স্তৰৰ বিদ্যালয়ত পঢ়োতে মই নিজেই অনুভৱ কৰিছিলোঁ যে উঠি অহা যুৱকক উৎসাহ জন্মাব পৰা বিবেকানন্দ-সাহিত্যৰ কিতাপ সহজে পোৱা নগৈছিল। মাদ্রাজত দিয়া এটা বক্তৃতাত বিবেকানন্দই কৈছিল, 'নিজক আৰু আনকো নিজ নিজ স্বৰূপ জানিবৰ কাৰণে শিক্ষা দিয়া; নিদ্রামগ্ন আত্মাক জগোঁৱা আৰু ই কেনেকৈ সাৰ পাই উঠে চোৱা; যেতিয়া এই নিদ্রামগ্ন আত্মাই চেতনা লাভ কৰিব তেতিয়া তোমাৰ ওচৰলৈ ক্ষমতা, গৌৰৱ, শুদ্ধতা, পৱিত্ৰতা আদি মহৎ আৰু গৌৰৱময় সকলোবিলাক আপোনা আপুনি আহি পৰিব'।

স্বামী বিবেকানন্দৰ মতে মগজুত কিছুমান কথা ভৰাই দিয়াটোৱেই শিক্ষা নহয়, শিক্ষা হৈছে মন আৰু চৰিত্ৰক গঢ় দিয়া; তেখেতৰ নিজৰ ভাষাতেই শিক্ষাৰ অৰ্থ হৈছে 'মানুহ-গঢ়া, চৰিত্ৰ গঠন আৰু ভাবৰ সংমিশ্রন', শিক্ষাই 'মানুহৰ মাজত আগৰেপৰাই অন্তর্নিহিত হৈ থকা পূর্ণতাৰ বিকাশ ঘটায়।'

আমাৰ পঢ়াশলীয়া ছাত্ৰক এনেধৰণৰ শিক্ষা দিবৰ কাৰণে উপযুক্ত কিতাপৰ অভাব। আমাৰ দেশত এনে লাখ লাখ সুন্দৰ ল'ৰা-ছোৱালী আছে যাৰ অতীত বহুযুগীয়া আধ্যাত্মিক সংস্কৃতিবে ঐতিহ্যমণ্ডিত। আমাৰ সংস্কৃতিৰ মূল্যবোধে উৎসাহ জন্মাব পৰাকৈ যদি তেওঁলোকক সুবিধা দিব পৰা যায় তেন্তে তেওঁলোকে আধুনিক বৈজ্ঞানিক দৃষ্টিভঙ্গী সহজেই বুজি আয়ত্ব কৰিব পাৰিব আৰু তাৰ জৰিয়তে প্রাচ্য আৰু পাশ্চাত্যৰ মাজত সমন্বয় স্থাপন কৰি নিজৰ চৰিত্ৰ গঢ় দিব পাৰিব। বিবেকানন্দই নিজৰ জীৱনত ঠিক ইয়াকেই কৰিছিল আৰু আধুনিক যুগৰ আমাৰ ল'ৰা-ছোৱালীবিলাকেও ইয়াকেই কৰা তেওঁ ইচ্ছা কৰিছিল। এই কাম কৰিলেহে তেওঁলোকে দাৰিদ্র্য, নিৰক্ষৰতা, অসহায় মনোভাৱ আদি ভাৰতৰ ক্ৰমাৎ বৃদ্ধি পাই অহা সমস্যাসমূহ সমাধান কৰিব পাৰিব আৰু লগতে ভাৰতৰ ভিতৰত আৰু বাহিৰৰো মানুহৰ মাজত মিলনৰ সাঁকো বান্ধিব পাৰিব।

More Information
Publication Year 2014
Edition Forth
Pages 28
Format Soft Cover
Author K P Shiv Kumar
Write Your Own Review
You're reviewing:Swami Vivekanandar Jivanar Keitiman Ghatana (Assomiya) স্বামী বিবেকানন্দৰ জীৱন ৰ কেইটিমান ঘটনা।
©Copyright Vivekananda Kendra 2011-2050. All Rights Reserved.