Jaga He Bharat Jaga (Assomiya) জাগা হে ভাৰত জাগা

₹40.00
In stock
SKU
BGF00007

অনুবাদ সাহিত্য সৃষ্টি বৰ কষ্টসাধ্য প্রয়াস কিন্তু আমাৰ পৰম সৌভাগ্য যে কেন্দ্ৰৰ একনিষ্ঠ শুভাকাঙ্খী শ্রীযুতা হিৰণ্ময়ী দেৱীয়ে এই দুরূহ কাৰ্য্য সহজ আৰু সাৱলীলতাৰে সম্পন্ন কৰি আমাক কৃতজ্ঞতা পাষত আৱদ্ধ কৰিছে।

আমাৰ আশা শ্ৰীযুতা হিৰণ্ময়ী দেৱীয়ে অনুবাদ কৰা এই পুথিখনে পঢ়ুৱৈ সমাজক বিশেষকৈ যুৱ-সমাজক উপকৃত কৰিব।

পত্রযোগে সাধাৰণতে আপোন মানুহ বা মনে মিলা জনৰ আগত অন্তৰ উজাৰি হৃদয়ৰ ভাৱ-অনুভুতি প্রকাশ কৰা হয়। স্বামী বিবেকানন্দই তেওঁৰ প্রিয় শিষ্য আলাছিংগা পেকমললৈ লিখা পত্রসমূহত প্রকাশ পাইছে ভাৰতবৰ্ষক ন-কৈ নিৰ্মাণৰ স্বপ্ন আৰু সেই স্বপ্নৰ সাৰ্থক ৰূপায়ণৰ অৰ্থে হাতত লবলগীয়া আঁচনিৰ চিঠিবোৰত পৰিষ্কাৰ ৰূপত প্রকাশ পাইছে। সবিশেষ। ভাৰত সম্পর্কে তেওঁৰ যি ধাৰণা, দেশখনৰ উন্নয়নৰ যি পৰিকল্পনা এই চিঠিবোৰত পৰিষ্কাৰ ৰূপত প্রকাশ পাইছে।

স্বামী বিবেকানন্দৰ জীৱনত আলাছিংগা পেকমলে এক বিশেষ স্থান অধিকাৰ কৰিছিল। স্বামীজীয়ে তেওঁক আলাছিংগা বুলিয়েই সম্বোধন কৰিছিল। গ্রন্থখনিত সন্নিবিষ্ট 'স্বামীজী আৰু স্কুল মাষ্টৰজন' (লেখক প্রয়াত সম্পদ কুমাৰণ) আৰু 'আলাছিংগা পেরুমল: এক স্মৃতিচাৰণ' শীর্ষক প্রবন্ধ দুটি এম চি আলাছিংগা পেরুমল জন্ম শতবার্ষিকী উপলক্ষে ১৯৬৫ চনত প্রকাশিত স্মৃতিগ্ৰন্থৰ পৰা লোৱা লিখা কিছুসংখ্যক চিঠিৰ এটি সংকলন মাথোন। হৈছে। 'জাগা হে ভাৰত জাগা' পুথিখনি স্বামী বিবেকানন্দই আলাছিংগা পেৰুমললৈ লিখা কিছুসংখ্যক চিঠিৰ এটি সংকলন মাথোন।

দেশৰ হেৰোৱা প্রাচীন গৌৰৱ ঘুৰাই অনাৰ প্ৰচেষ্টাৰে স্বামীজীয়ে ব্যক্তিত্ব গঠন আৰু জাতি-নিৰ্মাণৰ যি কাৰ্য্যপন্থা হাতত লৈছিল সেই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত এই পুথিখনি পাঠকৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস।

More Information
Publication Year 2011
VRM Code 1912
Edition First
Pages 112
Format Soft Cover
Write Your Own Review
You're reviewing:Jaga He Bharat Jaga (Assomiya) জাগা হে ভাৰত জাগা
©Copyright Vivekananda Kendra 2011-2050. All Rights Reserved.