Lakshya aru Sadhana
লক্ষ্য আৰু সাধনা কিতাব ত
বিৱেকানন্দ কেন্দ্ৰৰ প্ৰাৰ্থনা ৰ
অর্থ আৰু ব্যাখ্যা কৰা ছে। যাতে অনুবাদক হৈছে ড০ মালিনী গোস্বামী
এজন ব্যক্তিৰ জীৱনত প্রার্থনা হৈছে সবাতোকৈ প্ৰভাৱশালী শক্তি। 'ভগৱদ্ অনুগ্রহ'ৰ ওচৰত নিজকে সমর্পণ কৰি এজন ব্যক্তিয়ে ইয়াৰ দ্বাৰা নিজৰ সবাতোকৈ উত্তম গুণৰাশি কৰ্ষণ কৰিবলৈ সুবিধা পায়। এটা প্রার্থনাত দুটা অংশ থাকে, প্রথমটো হৈছে সাধকৰ উত্তৰণশীল আকাংক্ষা আৰু আনটো হৈছে যিজনা দেৱতাৰ নামত প্রার্থনা উৎসৰ্গা কৰা হৈছে, তেওঁৰ পৰা অনুগ্ৰহৰ বৰিষণ। যেতিয়া এই দুয়োটা বিষয়ৰ সংযোগ ঘটে, তেতিয়াহে প্রার্থনাৰ উদ্দেশ্য পূর্ণ হয়। তাৰ বাবে প্রাক্-প্রয়োজনীয় গুণটি হৈছে সাধক বা ভক্তৰ উপযুক্ততা আৰু একনিষ্ঠা।
প্রার্থনাও বিভিন্ন প্ৰকাৰৰ আছে। ই ব্যক্তিগতও হ'ব পাৰে বা সমূহীয়াও হ'ব পাৰে। কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবেও হ'ব পাৰে আৰু জনসাধাৰণৰ মংগলৰ বাবেও হ'ব পাৰে। ব্যক্তি-স্বাৰ্থৰ ক্ষেত্ৰতো আনকি ই জাগতিক উন্নতিৰ বাবে অথবা আধ্যাত্মিক উৎকৰ্ষৰ বাবে হ'ব পাৰে। উৎসর্গিত প্রার্থনাৰ উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰি ইষ্ট-দেৱতাও সুকীয়া সুকীয়া হ'ব পাৰে।
Publication Year | 2014 |
---|---|
VRM Code | 3444 |
Edition | First |
Pages | 76 |
Format | Soft Cover |
Author | Eknathji Ranade |