Nivedita Jar Naam (Assomiya) নিবেদিতা তাৰ নাম।
এই পুথিখনি
নিবেদিতা যাৰ নাম
জন্মদাত্রী জননী আৰু জন্মভূমিক ভাল পোৱাটো মানুহৰ স্বাভাৱিক গুণ। কিন্তু আনৰ দেশ এখনক মাতৃভূমিৰ দবে অন্তৰ উজাৰি ভালপোৱা, সাত সাগৰ তেৰ নদীৰ সিপাৰে স্বদেশ-স্বজাতি এবি থৈ আহি সেই দেশৰ উন্নতিৰ হকে, সেই দেশৰ জনগণৰ সেৱাতে জীৱনটো উছর্গা কৰি যোৱা লোক বিশ্বৰ বুৰঞ্জীত বিৰল। স্বামী বিবেকানন্দৰ প্রিয় শিষ্যা ভগিনী নিবেদিতা তেনে এক বিৰল ব্যক্তিত্বৰ অধিকাৰী আছিল। একেধাবে শিক্ষাবিদ, সাহিত্যিক, সুবক্তা, শিল্পী, বিজ্ঞানপ্রেমী, বাজনৈতিক নেত্রী এইগৰাকী ইংৰাজ মহিলাই গুৰুৰ পদাংক অনুসৰণ কৰি ভাৰত ভূমিত উপস্থিত হৈ সেইকালৰ পৰাধীন ভাৰতবাসীৰ কল্যাণৰ হকে আজীৱন কাম কৰি গ'ল। ইংৰাজ চৰকাৰৰ দ্বাৰা শোষিত নিপীড়িত ভাবতবাসীৰ অন্তৰত দেশাত্মবোধ জগাই তুলিবলৈ, এই দেশৰ ডেকাসকলক স্বাধীনতা সংগ্ৰামৰ উপযুক্ত সৈনিক ৰূপে গঢ় দিবলৈ তেওঁ যিদৰে অহোপুৰুষাৰ্থ কৰিছিল ভাবিলে আচবিত লাগে। ভোগ বিলাসৰ পশ্চিমীয়া জীৱন যাপন ইচ্ছাৰে জলাঞ্জলি দি দুখ-কষ্ট সংঘাটময় জীৱন বৰণ কৰি লোৱা এই মহিয়সী নাৰীয়ে ভাৰতৰ সভ্যতা-সংস্কৃতি, ভাৰতীয় আধ্যাত্মিকতাক বিশ্বসভাত উচ্চ আসনত প্রতিষ্ঠিত কৰি গ'ল।
দেশৰ ভৱিষ্যত, আমাৰ আশা ভৰষাৰ থল অসমৰ কিশোৰ-কিশোৰীহঁতৰ হাতত পুথিখনি অর্পণ কৰা হ'ল।
জন্মদাত্রী জননী আৰু জন্মভূমিক ভাল পোৱাটো মানুহৰ স্বাভাবিক গুণ। কিন্তু আনৰ দেশ এখনক মাতৃভূমিৰ দৰে অন্তৰ উজাৰি ভালপোৱা, সাত সাগর তেব নদীৰ সিপাবে স্বদেশ-স্বজাতি এবি থৈ আহি সেই দেশৰ উন্নতিৰ হকে, সেই দেশৰ জনগণৰ সেৱাতে জীৱনটো উছগা কৰি যোৱা লোক বিশ্বৰ বুৰঞ্জীত বিৰল। স্বামী বিবেকানন্দৰ প্রিয় শিষ্যা ভগিনী নিবেদিতা তেনে এক বিবল ব্যক্তিত্বৰ অধিকাৰী আছিল। একেধাৰে শিক্ষাবিদ, সাহিত্যিক, সুবক্তা, শিল্পী, বিজ্ঞানপ্রেমী, ৰাজনৈতিক নেত্রী এইগৰাকী ইংৰাজ মহিলাই গুৰুৰ পদাংক অনুসৰণ কৰি ভাৰত ভূমিত উপস্থিত হৈ সেইকালৰ পৰাধীন ভাৰতবাসীৰ কল্যাণৰ হকে আজীবন কাম কৰি গ'ল। ইংৰাজ চৰকাৰৰ দ্বাৰা শোষিত নিপীড়িত ভাৰতবাসীৰ অন্তবত দেশাত্মবোধ জগাই তুলিবলৈ, এই দেশৰ ডেকাসকলক স্বাধীনতা সংগ্ৰামৰ উপযুক্ত সৈনিক ৰূপে গঢ় দিবলৈ তেওঁ যিদৰে অহোপুৰুষাৰ্থ কৰিছিল ভাবিলে আচৰিত লাগে। ভোগ বিলাসৰ পশ্চিমীয়া জীবন যাপন ইচ্ছাৰে জলাঞ্জলি দি দুখ-কষ্ট সংঘাটময় জীৱন বৰণ কৰি লোৱা এই মহিয়সী নাৰীয়ে ভাৰতৰ সভ্যতা-সংস্কৃতি, ভাৰতীয় আধ্যাত্মিকতাক বিশ্ব সভাত উচ্চ আসনত প্রতিষ্ঠিত কৰি গ'ল।
এনে এগৰাকী ভাৰত-হিতৈষিণী নাৰীৰ জীৱন আৰু কৰ্মৰ বিষয়ে আমাৰ দেশত ভালদৰে চিন্তা-চর্চা নোহোৱাটো আমাৰ নিজৰে উদাসীনতা আৰু অকৃতজ্ঞতাৰ পৰিচায়ক মাথোন। অসমীয়া ভাষাত ভগিনী নিবেদিতাৰ পূৰ্ণাংগ জীৱনী নাই বুলিলেই হয়। অথচ এই নাৰীৰ জীৱন চর্চাই আমাৰ উঠি অহা ল'ৰা ছোৱালীহঁতক নিজদেশক ভাল পাবলৈ, ভবিষ্যতে দেশৰ হকে কাম কৰিবলৈ যথেষ্ট অনুপ্ৰেৰণা যোগাব পাৰে। তেনে চিন্তাৰেই হাইস্কুলীয়া ল'ৰা-ছোৱালীৰ উপযোগীকৈ এই চমু জীৱনী লিখি উলিওৱাৰ প্ৰয়াস কৰিলোঁ। স্বামীজীৰ 'ব্যক্তিত্ব গঠন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ' আদর্শ সাধন লক্ষ্য হিচাপে লোৱা কল্যাণমূলক অনুষ্ঠান বিবেকানন্দ কেন্দ্ৰৰ গুৱাহাটী শাখাই পুথিখনি ছপোৱাৰ দায়িত্ব লৈ আমাক ঋণী কৰিলে।
পুথিখনিৰ তথ্যপাতিৰ বাবে পৰিব্ৰাজিকা আত্মপ্ৰাণা ৰচিত ইংৰাজী গ্রন্থ Sister Nivedita আৰু নিবেদিতা-সাহিত্যৰ বিশিষ্ট গৱেষক শংকৰীপ্রসাদ বসুৰ 'নিবেদিতা লোকমাতা' নামৰ পুথিৰ সহায় লোৱা হৈছে। দুয়োগবাকী গ্রন্থকাৰৰ
প্রতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ উঠি অহা ল'ৰা-ছোৱালীহঁত এই ক্ষুদ্ৰ জীৱনীখনিৰ দ্বাৰা কিঞ্চিৎমানো উপকৃত আৰু অনুপ্রাণিত হ'লে আমাৰ শ্ৰম সার্থক হ'ব।
Publication Year | 2022 |
---|---|
VRM Code | 1913 |
Edition | Third |
Pages | 51 |
Format | Soft Cover |
Author | Hiranmayi Devi |