Sankalpa (Assomiya) সঙ্কল্প
সংকল্প-- অতি মস্তৱপূৰ্ণ শব্দ । জীৱন ৰ লক্ষ উপনীত কৰিবলৈ সংকল্প গ্ৰহণ আৰু তাৰ অনুসাৰে কাৰ্য সফলতা প্ৰাপ্ত কৰে। সেই কাৰণ সেইটো কিতাব খন লিখা হৈছে।
যিকোনো কাম সুচাৰুৰূপে কৰিবলৈ হ'লে সংকল্প দৃঢ় হব লাগে। ইতিহাসে ঢুকি পোৱাৰ পৰা আমি জানো যে যিকোনো পবিত্ৰ কাম আৰম্ভ কৰাৰ আগতে সংকল্প লোৱা আৱশ্যক। কিন্তু সংকল্পত আমি যি মন্ত্র উচ্চাৰণ কৰো তাৰ অন্তর্নিহিত অর্থনো কি তাকো বুজিবলৈ চেষ্টা কৰা উচিত। শুভমূহুৰ্তত, শুভ বাৰত, শুভ তিথিত, শুভ পক্ষত, শুভ মাহত আমি শুভ কামটো কৰিবলৈ লৈছো। ইয়াৰ নিশ্চয় বৈজ্ঞানিক ভিত্তি আছে। আমি যেতিয়াই যি মন যায় তাকে নকৰো। এই বিলাক কাল্পনিক কথা নহয়।
প্রতিদিনে সংকল্পৰ উচ্চাৰণ কৰোঁতে কথাবোৰ বুজিব পাৰি সেয়েহে সংল্পৰ নামৰ এই পুস্তিকাখনিৰ মাধ্যমেৰে লিখকে সৰ্বসাধাৰনে বুজিব পৰাকৈ সংকল্পৰ অৰ্থ আৰু তাৎপৰ্য্যৰ বিষয়ে বৰ্ণনা কৰিছে আৰু শ্রীমতী ৰাজলক্ষ্মী খাওন্দ বাইদেৱে মূল ইংৰাজীৰ পৰা সহজ অসমীয়া ভাষালৈ অনুবাদ কৰা বাবে দুয়োগৰাকীকে বিবেকানন্দ কেন্দ্র অসমীয়া প্রকাশন বিভাগৰ পৰা ধন্যবাদ জনাইছো। কিতাপখন স্বামীজীৰ ১৫০ জন্মজয়ন্তীৰ ৰাইজে আদৰি ল'লে কৃতাৰ্থ হ'ম।
Publication Year | 2013 |
---|---|
Edition | First |
Pages | 29 |
Format | Soft Cover |
Author | Indumati Katre |