Raja Yoga (Assomiya)
ৰাজযোগ সকলো যোেগৰে ওপৰত বুলি কোৱা হৈছে। ই এক প্রণালীবদ্ধ হিচাবে শিকোৱা যোগ পদ্ধতি। য়ম, নিয়ম, প্রাণায়াম আদিৰ দ্বাৰা কেনেকৈ শৰীৰ আৰু মনক নিয়ন্ত্ৰণ কৰি এজন সুস্বাস্থ্যৱান, সুবিচাৰক ব্যক্তি হ'ব পাৰি ৰাজযোগে তাকেই বুজায়।
ৰাজযোগ গ্রন্থখনৰ মূল বিষয় পতঞ্জলিব সূত্র সমূহ। প্রায় সকলো দার্শনিকে পতঞ্জলিৰ সাধন প্রণালী মানি লৈছে।
স্বামী বিবেকানন্দ নিউয়র্কত থাকোঁতে কিছুমান ছাত্রক শিক্ষা দিয়াৰ উদ্দেশ্যে এই বক্তৃতা সমূহ দিছিল। সেইবোৰেই ইয়াত সন্নিবিষ্ট কৰা হৈছে। দ্বিতীয়তে পতঞ্জলিৰ যোগসূত্র সমূহৰ ভাবানুবাদ আৰু লগতে সংক্ষিপ্ত ব্যাখ্যা আগবঢ়োৱা হৈছে।
ৰাজযোগৰ বিভিন্ন অংগ বা সোপান আছে য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্রত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি। স্বামীজীয়ে এই অংগবোৰ সাবলীলভাবে বর্ণনা কৰিছে।
ইয়াৰ উপৰিও পতঞ্জলি যোগসূত্র সমূহ সর্বসাধাৰণে বুজি পোৱাকৈ সহজ ভাষাত বৰ্ণনা কৰিছে।
বিবেকানন্দ কেন্দ্র অসমীয়া প্রকাশনৰ দ্বাৰা প্রকাশিত এই গ্রন্থখন পঢ়ি পাঠক সকল উপকৃত হ'ব বুলি আশা কৰিলোঁ।
Publication Year | 2024 |
---|---|
Edition | First |
Pages | 200 |
Format | Soft Cover |
Author | Vivekananda Kendra Assomiya Prakashan Vibhag |