Surya Namaskar (Assomiya) সূৰ্য নমস্কাৰ।

₹30.00
In stock
SKU
BGF00028

সমগ্র ভাবতবর্ষতে স্বামী বিবেকানন্দ আৰু মাননীয় একনাথ বাগাডেৰ জীবন আদর্শক সাৰোগত কৰি সুস্থ সমাজ গঢ়াৰ প্রয়াস অব্যাহত আছে। আজিও এই শুভক্ষণত স্বামী বিবেকানন্দৰ বাণীসমূহৰ বিশেষ আবশ্যকতা আমি সকলোৱে অনুভৱ কৰিছোঁ। তেওঁ সদায় আত্মবল, বাহুবল আৰু মনোবলৰ বিষয়ে কৈছিল। এই আটাই কেইবিধ বলেই বর্তমান পৰিস্থিতিত অতি লাগতিয়াল হৈ পৰিছে। স্বামী বিবেকানন্দই আমাৰ দেশৰ জনসাধাৰণক ক্ষত্রিয়বীজ আৰু ব্রাহ্মতেজ ধাৰণ কৰিবলৈ আহবান জনাইছিল। এই ব্রাহ্মতেজ আৰু ক্ষত্রিয় বীর্য্যক তেজস্বী কৰিবলৈ পৰম্পৰাগত বিদ্যা 'সূৰ্য্য নমস্কাৰ' আমি সদায় অনুশীলন কৰাটো অতি প্রয়োজন। সেয়েহে সূর্য্য নমস্কাৰ কিয়, কেনেকৈ আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে এটি চমু আভাস দি স্বামীজীৰ সপোন বাস্তৱত ৰূপায়িত কৰিবৰ বাবে এই হাতপুথিখন প্রকাশ কৰি উলিওৱা হৈছে।

শৰীৰ সুস্থ বখাটো আমাৰ প্ৰাথমিক আৱশ্যকতাটো হয়েই, মন সুস্থ বখাটো তাতোকৈও অধিক আৱশ্যক। অস্বাভাবিক ইচ্ছা, ভয় আৰু কষ্টৰ বাবে মনব বোগ বেছি হয় আৰু আমাৰ দৈনন্দিন কাৰ্য্যসূচীত ব্যাঘাত ঘটে। আমাৰ থকা-মেলা, খোৱা-বোবা, ব্যৱহাৰ, চৰিত্ৰ আদি বেয়া হোৱা বাবে ইয়াৰ গভীৰ প্ৰভাৱ আমাৰ জীৱনৰ ওপৰত পৰে। যেতিয়া শৰীৰৰ প্ৰাণশক্তিৰ প্ৰবাহ অব্যবস্থিত হয়, তেতিয়া আমাৰ শৰীৰত বিভিন্ন ৰোগে স্থিতি লয় আৰু শক্তি, প্রসন্নতা আৰু শান্তি নষ্ট হয়।

শৰীৰ, মন ঠিক হ'লেও আমাৰ নির্ণায়ক বা সিদ্ধান্ত ল'ব পৰা শক্তি যদি ঠিক নহয়, তেন্তে অপৰিপক্ক বুদ্ধি অনুসৰি কাৰ্য্য লাভ হোৱাটো দূৰৰে কথা হানি হোৱাৰ সম্ভাবনাই বেছি। সেয়েহে আমি এনে এক পদ্ধতিৰ আৱশ্যকতা অনুভৱ কৰো যাৰ দ্বাৰা আমি শৰীৰ, মন আৰু বুদ্ধি এই তিনিওটা সুস্থ আৰু সন্তুলিত হয়। ই তেতিয়াহে সম্ভৱ হ'ব, যেতিয়া আমি শক্তি আৰু শান্তিৰ স্রোতৰ লগত জড়িত হ'ম।

আমাৰ সৌৰমণ্ডলৰ সকলো উৎসৰ অন্যতম শক্তিৰ কেন্দ্ৰবিন্দু হ'ল সূৰ্য্য।

যাৰ শক্তিৰ প্লাৱনত সমস্ত জগত চলি আছে আৰু ইয়েই আমাৰ জীৱনৰ আধাৰ স্বৰূপ। গতিকে আমাৰ লক্ষ্য হ'ল বিভিন্ন বিধিৰ দ্বাৰা নিজকে অধিক শক্তিশালী কৰি তোলা। প্ৰৱল পৰাক্ৰমী সূৰ্য্যৰ সাম্য দেখি ইয়াক সৃষ্টি কৰা জনৰ প্ৰতি মনোযোগ যোৱাটো স্বাভাৱিক কাৰণ, সূৰ্য্যই যদি ইমান শক্তিশালী তেন্তে সম্পূর্ণ জগতখনক সৃষ্টি আৰু পালন কৰোতা পৰমসত্ত্বাৰ শক্তি আৰু সামর্থ্যক শব্দেৰে প্ৰকাশ কৰা সম্ভৱ নহয়।

More Information
Publication Year 2018
VRM Code 3097
Edition Second
Pages 24
Format Soft Cover
Author Vivekananda Kendra Assomiya Prakashan Vibhag
Write Your Own Review
You're reviewing:Surya Namaskar (Assomiya) সূৰ্য নমস্কাৰ।
©Copyright Vivekananda Kendra 2011-2050. All Rights Reserved.