Vivekananda Silasmarak Anupreranar Ek Virat Utsa (বিবেকানন্দ শিলাস্মাৰক অনুপ্ৰেৰণাৰ এক বিৰাট উৎস)
"বিবেকানন্দ শিলা স্মাৰক অনুপ্ৰেৰণাৰ এক বিৰল উৎস” বিবেকানন্দ কেন্দ্র, কন্যাকুমাৰীৰ হৈ অসমীয়া প্ৰকাশন বিভাগৰ দ্বাৰা প্ৰকাশিত। মূল লেখিকা বিবেকানন্দ কেন্দ্ৰ ৰ অখিল ভাৰতীয় উপদয়খা মাননীয়া নিবেদিতা ভি ভিড়ে আৰু
অনুবাদকদ্বয় প্রশান্ত জ্যোতি খাউণ্ড ৰাজলক্ষ্মী খাউণ্ড।
২০১৯-২০২০ বর্ষটো কন্যাকুমাৰীৰ মাজ সাগৰত অৱস্থিত বিবেকানন্দ শিলা স্মাৰকৰ গৌৰৱময় ৫০ বছৰ পূৰ্তিৰ বছৰ। এই টুকুৰাই সেই শিলাখণ্ড য'ত স্বামী বিবেকানন্দই ১৮৯২ চনৰ ২৫-২৭ডিচেম্বৰলৈ গভীৰ ধ্যানত নিমগ্ন হৈছিল আৰু তাৰ পৰাই তেখেতে ১৮৯৩ চনৰ চেপ্তেম্বৰ মাহত আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত হ'ব লগীয়া বিশ্ব ধৰ্ম সংসদত অংশগ্ৰহণ কৰাৰ অতি গুৰুত্বপূর্ণ সিদ্ধান্তটি গ্রহণ কৰিছিল। স্বামী বিবেকানন্দই আধ্যাত্মিকতাৰ বাণীৰে সমগ্ৰ বিশ্বক উদ্বুদ্ধ কৰিবলৈ সক্ষম হৈছিল আৰু ইয়েই ভাৰতবৰ্ষৰ ইতিহাসত অর্থপূর্ণ মুহূর্ত হিচাপে স্মৰণীয় হৈ পৰিছিল।
স্বামী বিবেকানন্দৰ জন্ম শতবার্ষিকী উদ্যাপনৰ কালছোৱাত শ্রীএকনাথ ৰাণাডে'ৰ সবল নেতৃত্বত বিবেকানন্দ শিলা স্মাৰক সমিতিয়ে নানান বাধা-বিঘিনি অতিক্ৰম কৰি সেই পবিত্র শিলাখণ্ডৰ ওপৰত স্বামী বিবেকানন্দৰ এক বৃহৎ স্মৃতি সৌধ নির্মাণ কৰি উলিয়াবলৈ সক্ষম হৈছিল।
এই পুস্তিকাখনিত সময় আৰু সম্পদ-মানব আৰু সামগ্রী পৰিচালনাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰা হৈছে। ইয়াত অসম্ভৱক কেনেকৈ সম্ভৱ কৰা হ'ল তাৰ প্ৰেৰণাদায়ক কাহিনী বর্ণনা কৰা হৈছে।
বিবেকানন্দ শিলা স্মাৰক নিৰ্মাণৰ সময়ত মাননীয় একনাথজীয়ে অবিশ্বাস্যভাবে ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ লোকক একগোট কৰি স্মাৰক নিৰ্মাণ কৰিছিল, যিটো হৈ পৰিছিল ভাৰতৰ প্রকৃত ৰাষ্ট্ৰীয় সস্মৃতিসৌধ। সংক্ষেপে, এই পুস্তিকাখনিত ইয়াকো বর্ণনা কৰা হৈছে যে এটা মহান লক্ষ্যত উপনীত হ'বলৈ যেতিয়া সাধাৰণ মানুহ ঐক্যবদ্ধ হয়, তেতিয়া অসাধাৰণ সফলতা লাভ কৰিব পাৰি।
Publication Year | 2019 |
---|---|
Edition | First |
Pages | 56 |
Format | Soft Cover |
Author | Vivekananda Kendra Assomiya Prakashan Vibhag |