যোগ (Yoga - Assomiya)
যোগৰ পদ্ধতি নানা প্ৰকাৰৰ আছে। এই বিলাকৰ মাজৰ সমন্বয় আৰু অন্তর্নিহিত ঐক্যৰ প্ৰকৃতি উপলব্ধি কৰিব নোৱাৰিলে বিভিন্নতাৰ মাজত বাট হেৰুওৱাৰ আশংকা আছে। এবাৰ "বিভিন্নতাৰ মাজত একতা”ৰ তাৎপৰ্য্য উপলব্ধি হোৱাৰ পাচত যোগৰ বিস্তাৰিত প্ৰকৃতিৰ অৰ্থ অনুভত হ'ব। স্বামী বিবেকানন্দৰ বক্তৃতা সমূহত সমন্বয়ৰ এনে কেন্দ্ৰীয়
পৰিস্কাৰকৈ শুনিবলৈ পোৱা যায়। তেওঁ লোহাৰ দৰে পেশী আৰু তীখাৰ দৰে স্নায়ু সম্পূৰ্ণ ব্যক্তিক আহ্বান জনাইছিল। শ্রী অৰবিন্দয়ো শাৰীৰিক, মানসিক, বৌদ্ধিক, আবেগিক আৰু আধ্যাত্মিক স্তৰত সু-সংগঠিত হোৱা সম্পূৰ্ণ ব্যক্তিত্ব গঢ়াৰ ওপৰত গুৰুত্ব দিছিল। বিবেকানন্দ কেন্দ্রই আগবঢ়োৱা যোগাভ্যাসৰ এই কাৰ্য্যসূচী সম্পূর্ণ ব্যক্তিত্ব গঢ়ি তোলাৰ মানসেৰেই যুগুত কৰা হৈছে। এই নিৰ্দ্দেশ পুস্তিকাত যৌগিক প্ৰণালীৰ প্রথম কার্য্যসূচী হিচাবে মানুহৰ শাৰীৰিক, মানসিক আৰু অন্যান্য অত্যাৱশ্যকীয় দুই এটা দিশ সাঙোৰা হৈছে।
স্বামী বিবেকানন্দই কৈছিল প্রত্যেক আত্মাই মূলতঃ ঐশ্বৰিক। ভিতৰৰ আৰু বাহিৰৰ প্ৰকৃতিক নিয়ন্ত্ৰণ কৰি অন্তর্নিহিত এই ঐশ্বৰিক গুণৰ বিকাশ ঘটোৱাটোৱেই জীৱনৰ লক্ষ্য। কর্ম বা স্তুতি, মানসিক নিয়ন্ত্রণ বা দৰ্শনৰ দ্বাৰা এই কাম সমাধা কৰা আৰু মুক্ত হোৱা। শৃঙ্খলাবদ্ধ প্রণালীৰে অন্তর্নিহিত সম্ভাৱনীয়তাৰ বিকাশ ঘটোৱা আৰু তাৰ জৰিয়তে আত্মাৰ লগত পৰমাত্মাক লীন কৰিব পৰাকে শ্ৰী অৰবিন্দই যোগ বুলিছে। ইয়াৰ পৰা বুজিব পাৰি যে জন্তু-মানৱক ক্ৰমান্বয়ে মানৱ-মানৱ, অতি-মানৱ আৰু দৈৱ মানৱলৈ ৰূপান্তৰ কৰা প্ৰণালীয়েই হৈছে যোগ। এই প্ৰণালীৰ মাজেদি অগ্ৰসৰ হওঁতে সীমিত, সংকীর্ণ আৰু স্বাৰ্থপৰ চিন্তা সম্পূৰ্ণ আঁতৰ হয় আৰু তাৰ ঠাইত আহি পৰে সর্ব-বেষ্টিত, সু-সংগঠিত এক চৰিত্ৰ যাৰ প্ৰধান বৈশিষ্ট হ'ল প্রশান্তি। এনে আত্ম পূর্ণতা বা ঐশ্বৰিক অৱস্থাই হ'ল নিৰ্মল চেতনা, সর্বাধিক সৃজনীশীলতা আৰু পৰম সুখ। সেয়েহে যোগৰ জৰিয়তে এনে অৱস্থাৰ ফালে অগ্ৰসৰ হোৱা প্রক্রিয়া অতীব সন্তোষজনক আৰু পৰম আনন্দদায়ক। প্রত্যেক ব্যক্তি আৰু প্রত্যেক সমাজে অনবৰতে অধিক সুখ, শান্তি, সৃষ্টি শক্তি আৰু উচ্চতৰ বৌদ্ধিকতা, দক্ষতা লাভ কৰিবলৈ প্রয়াস কৰে; ব্যক্তিগত পূর্ণতালাভ আৰু সামাজিক সমন্বয়ৰ ক্ষেত্ৰত এনে প্রয়াসৰ কাৰণে যোগেই হৈছে প্রকৃত সমাধান।
যাতে শিথিলকৰণ ব্যায়াম, ক্রিয়া, আসন, প্রাণায়াম, মুদ্রা আৰু বন্ধ আদি অভ্যাস কৰিবৰ কাৰণে নিয়ম প্ৰণালীহে বৰ্ণনা কৰা হৈছে। এই প্ৰণালী সমূহৰ অনুশীলনৰ জৰিয়তে ব্যক্তিয়ে উচ্চ প্ৰণালী আয়ত্তকৰণৰ বাবে এক উপযুক্ত প্রশিক্ষণ পাব আৰু উচ্চ প্ৰণালীৰ অনুসৰণে জীৱনলৈ সমন্বয় আৰু পৰম শান্তি কঢ়িয়াই আনিব।
Publication Year | 2021 |
---|---|
VRM Code | 1576 |
Edition | Seventh |
Pages | 92 |
Format | Soft Cover |
Author | Vivekananda Kendra Assomiya Prakashan Vibhag |